ৰামধেনু প্লাছ কেৱল মাথো এটা অসমীয়া/বাংলা বা হিন্দী টাইপ কৰিব পৰা ছফটৱেৰেই নহয়, ই হ’ল মোৰ জীৱনটোত ১৯৯১ চনৰ পিছৰ পৰাই কৰি অহা বহুতো কষ্ট, ত্যাগ, মাতৃভাষাৰ তথা জন্মভূমিৰ প্ৰতি থকা আন্তৰিকতা/ দায়িত্ব/ ভালপোৱা... সেৱাৰ ভাৱনাৰে দিন-ৰাতি এক কৰি কৰা কষ্টৰ বিনিময়ত আপোনালোকৰ আগত দাঙি ধৰিব বিচৰা, বিলাই দিব বিচৰা এবুকু মৰম। ৰাইজৰ মৰম-আশীৰ্বাদ শিৰত লৈ বহু হাজাৰ দিন আৰু ৰাতি উচৰ্গা কৰি, নিজৰ নাম বেছি প্ৰচাৰ কৰাতকৈ মানৱ সেৱাকেই জীৱনৰ শ্ৰেষ্ঠ কৰ্ম বুলি বিশ্বাস ৰাখি এক ধ্যানে কামত ব্ৰতী হৈ থাকি, মানৱ সেৱা কৰি যোৱাৰ ই এটা মাধ্যম...
ৰামধেনু প্লাছৰ এই ছফটৱেৰৰ উপৰি আন কিছুমান ছফ্টৱেৰ ভৱিষ্যতে আপোনালোকৰ বাবে প্ৰস্তুত কৰি থকা হৈছে আৰু ইয়াক সময়ত এই ৱেবপেইজৰ আৰু ফেচবুকৰ দ্বাৰাই জনোৱা হ’ব।

OUR PRODUCTS
RamdhenuPlus, উইণ্ডোজ অপাৰেটিং ছিছটেমত কাম কৰিব পৰা এক অতি উন্নত মানৰ সঁজুলি, যাৰ দ্বাৰা অসমীয়া/বাংলা তথা হিন্দী/দেৱনগৰী লিপিত টাইপ কৰিব পৰা যায়। RamdhenuPlus অন্য যিকোনো একে ধৰণৰ সঁজুলিৰ তুলনাত ৰাইজে ব্যৱহাৰ কৰি বেছি ভাল পোৱা সঁজুলি। ইয়াৰ দ্বাৰা আনকি অসমীয়া/ বাংলা বা হিন্দী টাইপ কৰিব নজনা জনেও Smart Phonetic Keyboard layout ব্যৱহাৰ কৰি নিমিষতে টাইপ কৰিব পৰা হৈ পৰে। professional টাইপিষ্টসকলৰ বাবেতো ই যেন এক ভোটাতৰা, অলাউদিনৰ চাকি। ইয়াৰ ফন্ট নিজে সলনি হোৱা Font Auto Change টেকন’লজিৰ বাবে হাজাৰ হাজাৰ professional-অৰ সময় আৰু কষ্ট বাচি যায়। ৱেবপেজটো নিজৰ লিখনি দিবৰ বাবে ইউনিক’ডলৈ নিমিষতে ফন্ট সলনি কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ বাবে ইতিমধ্যে টাইপ কৰা text বিলাক নতুনকৈ টাইপ কৰাৰ প্ৰয়োজন নহয়। যি সময় বচায় আৰু কষ্ট লাঘৱ কৰে। ABTT fontৰ বাবে Photoshop বা আন এডিটিং ছফ্টৱেৰ আদিতো টাইপ কৰাৰ বাবে অসুবিধা নহয়। ইউনিক’ডত টাইপ কৰিব পৰা সুবিধাও আছে। ইয়াৰ উপৰি পূৰণা Satyajit font-ত টাইপ কৰা, ASTT font-তো টাইপ কৰাৰ সুবিধা আছে। আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল Geetanjali ফন্টত টাইপ কৰা text-বিলাক ৰামধেনু প্লাছৰ সৈতে থকা অসমীয়া ভাষাৰ প্ৰথমটো আৰু একমাত্ৰ professional spellchecker-অত শুধৰাই ল’ব পাৰিব।

ৰামধেনু প্লাছ দুটা ধৰণেৰে পাব।

  • ১। USB Dongle-অৰ সৈতে। ইয়াৰ মূল্য ৩৯৫০ টকা
  • ২। License Key-ৰে ৱেব ৰেজিষ্ট্ৰেইশ্যনৰ সৈতে। ইয়াৰ মূল্যও ২৯৫০ টকা